প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে আকাশবাণীৰ বিশেষ সংবাদ চলন্তিকা

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ’ব ৷ এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰৱন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ এটা কথোপথন প্ৰচাৰ কৰা হ’ব।