অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত দিলীপ গৌৰৱকে ধৰি জ্যেষ্ঠ চৰকাৰী তথা প্রশাসনিক বিষয়াসকলে সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্রী শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত অসম ভেলী ফার্টিলাইজাৰ্ছ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাতো ভাষণ দিব। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে প্রধানমন্ত্রী ভ্রমণ সকলো দিশৰ পৰা সফল কৰি তুলিবৰ বাবে প্ৰতিটো বিভাগৰ বিষয়াসকলক নিজ নিজ দায়িত্ব অর্পণ কৰিছে। বিধায়কগৰাকীয়ে নিতৌ বিভাগীয় বিষয়াসকলৰ সৈতে কাম-কাজৰ অগ্ৰগতিৰ তদাৰক কৰি আছে বুলি জানিবলৈ দিয়ে।
Site Admin | December 6, 2025 7:34 PM | Akashvani | Akashvani Guwahati | Local news | PM modi Assam Visit
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি প্রশাসনিক বিষয়াসকলৰ সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ