মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ কৰে। ড০ শৰ্মাই প্রধানমন্ত্ৰীৰ সৈতে ৰাজ্যৰ বিভিন্ন খণ্ডৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰে। অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্রী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। প্রধানমন্ত্ৰীৰ এই ভ্রমণ ৰাজ্যখনৰ উন্নয়নমুখী যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই আশা প্রকাশ কৰে।
ড০ শৰ্মাই ইয়াৰ পাছত নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনক সাক্ষাৎ কৰে। তেওঁ গহপুৰত নিৰ্মাণ হ’বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীলৈ বিত্তমন্ত্ৰীগৰাকীক আমন্ত্রণ জনায়। উল্লেখযোগ্য যে বীৰাঙ্গনা কনকলতা বৰুৱালৈ উৎসৰ্গিত এই উচ্চ শিক্ষানুষ্ঠানখন সম্পূৰ্ণ ৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভঙ্গীক লৈ নিৰ্মাণ কৰা হৈছে। এই বিশ্ববিদ্যালয়ত কৃত্রিম বুদ্ধিমত্তা, কোৱান্টাম কম্পিউটিং আৰু ৰবটিক্সৰ দৰে বিশেষ পাঠ্যক্ৰম থাকিব।
মুখ্যমন্ত্ৰী ড০ শর্মাই আজি কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতেও ফলপ্রসূ বৈঠকত মিলিত হয়। তেওঁ অসমৰ খনিজ সম্পদৰ সম্ভাৱনাময় ক্ষেত্ৰখনৰ বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বৈঠকত মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ কাৰ্যসমূহ অধিক উৎপাদনক্ষম কৰি তোলাৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীক সৌহার্দ্যপূৰ্ণ সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
