ডাউনলোড
মোবাইল এপ

android apple
signal

September 14, 2025 11:48 AM | Bamboo Ethanol project

printer

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰৰ ৫০ শতাংশ অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ পৰা প্ৰতি বছৰে ৫০ হাজাৰ টন ইথানল, ১৮ হাজাৰ টন ফার্ফিউৰেল আৰু ১১ হাজাৰ টন এচিটিক এচিড উৎপাদন কৰা হ’ব। অৱশিষ্ট লীগনিনৰ পৰা ২৫ মেগাৱাট বিদুৎ উৎপাদন কৰিব পৰা যাব বুলি প্ৰকল্পটোৰ সঞ্চালকে প্ৰকাশ কৰিছে। প্রধানমন্ত্ৰীয়ে শোধনাগাৰটোৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰিব। এই সন্দৰ্ভত কেন্দ্রীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে নুমলীগড়ত কালি এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয়, যে ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পই বছৰি ৫ লাখ টন বাঁহৰ পৰা ৫০ হাজাৰ টন ইথানল উৎপাদন কৰিব। ইয়াৰ ফলত প্ৰকল্পটো স্বনিৰ্ভৰশীল শক্তি প্রতিষ্ঠান হিচাপে পৰিগণিত হ’ব বুলি তেওঁ উল্লেখ কৰে। ৭,২৩১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া পলিপ্রপিলিন প্রকল্পত জার্মান প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ’ব আৰু ইয়াত ৭৫ হাজাৰ কৰ্মদিন সৃষ্টি হ’ব বুলি তেওঁ কয়। এই প্রচেষ্টাই ভাৰতৰ স্বচ্ছ শক্তি উৎপাদনৰ প্ৰতিশ্ৰুতিক বাস্তৱায়িত কৰাৰ লগতে বছৰি ১ মিলিয়ন টন কার্বন-ডাই-অক্সাইড নির্গমন হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।