৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ আসন্ন অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ ঘাটিত ড্ৰোণেৰে আক্ৰমণ কৰাৰ পাছতেই মহানগৰ আৰক্ষীয়ে ব্যাপক সতর্কতা অৱলম্বন কৰিছে। শান্তিপূর্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনি গঢ়ি তুলিছে। মহানগৰীত আলফা স্বাধীনে কূটাঘাটমূলক কার্য সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱা সংস্থাই মহানগৰ আৰক্ষীক তথ্য যোগান ধৰাৰ পাছতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে কেইবাখনো বৈঠকত নিৰাপত্তা ব্যৱস্থা সম্পৰ্কত আলোচনা কৰে। ইয়াৰ লগতে এনে কূটাঘাটমূলক কাৰ্য ৰোধ কৰাৰ বাবে মহানগৰীৰ চৌদিশে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। মহানগৰ আৰক্ষী, অৰ্ধ সামৰিক বাহিনী প্রতি মুহূৰ্ততে সষ্টম হৈ থাকিবলৈ কোৱাৰ লগতে তালাচী অভিযান আৰু নৈশ তহল বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্বৰ দৰে এইবাৰো খানাপাৰা পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস আয়োজন কৰিছে। অসম আৰক্ষীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইবাটাও নিৰাপত্তা বাহিনীৰ গোটে এই পেৰেডত অংশগ্রহণ কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে।
Site Admin | August 10, 2025 11:46 AM | Assam Police Security meeting at Guwahati
প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আসন্ন অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে
