চাহ বাগিচাৰ লাইনৰ ভূমিৰ স্বত্ব বাগিচাৰ শ্ৰমিকক দিয়াৰ উদ্দেশ্যে নৱেম্বৰ মাহত অসম বিধানসভাত এখন বিধেয়ক উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি যোৰহাটৰ মৰিয়নীত ঘোষণা কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঊনবিংশতিতম দ্বিবার্ষিক সাধাৰণ অধিৱেশন আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় দ্বিবার্ষিক সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে অহা ২৫ নৱেম্বৰত এই বিধেয়ক উত্থাপন কৰা হ’ব। চাহ জনগোষ্ঠীৰ লোকসকলৰ শিক্ষাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অহা বৰ্ষৰ জানুৱাৰী মাহত এশখন হাইস্কুল চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে তিনিখনৰ পৰিৱৰ্তে চাৰিখন আসন সংৰক্ষণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। ঠিক তেনেদৰে ৰাজ্যৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৩ শতাংশ চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। ড° শৰ্মাই তেওঁৰ ভাষণত কয়, যে অসমৰ জাতীয় জীৱনৰ অন্যতম শক্তিশালী সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিষ্ঠা কালৰে পৰা চাহ জনগোষ্ঠী লোকসকলৰ নায্য প্রাপ্তিৰ দাবীৰে সংগ্ৰাম কৰি আহিছে। ছাত্ৰ সন্থাই জনগোষ্ঠীটোক শৈক্ষিক, অর্থনৈতিক, সাংস্কৃতিক আৰু সামাজিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অবিৰতভাৱে চেষ্টা কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ দুয়োটা সংগঠনকে চাহ জনগোষ্ঠীৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। কালিৰ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, সঞ্জয় কিষাণ, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস আদি ব্যক্তিসকল উপস্থিত থাকে।
Site Admin | October 20, 2025 11:43 AM | CM Assam spoke on Tea Tribe
প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা
