প্ৰথমবাৰৰ বাবে ভাৰতক আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ

● ভাৰতক প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন সহায়ক প্ৰতিষ্ঠান আইডিয়াত অধ্যক্ষতাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি ছুইডেনৰ ষ্টকহ’মত হ’বলগীয়া অনুষ্ঠানত অধ্যক্ষতা কৰিব। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে সমগ্ৰ বিশ্বত আজি ভাৰত নিৰপেক্ষ, স্বতন্ত্ৰ আৰু সফলতাৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰিচিত হৈ উঠিছে। ভাৰতক ইয়াত অধ্যক্ষতা কৰিবৰ বাবে আমন্ত্রণ জনোৱা কাৰ্যক দেশখনৰ সকলো নাগৰিক আৰু নিৰ্বাচনী কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে অতি গৌৰৱৰ মুহূৰ্ত বুলি তেওঁ উল্লেখ কৰে। ১৯৯৫ চনত স্থাপন হোৱা এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটা আন্তঃচৰকাৰী সংস্থা আৰু সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান নিৰীক্ষক হিচাপে ইয়াত অন্তৰ্ভুক্ত হৈ থকাৰ লগতে ৩৭ খন ৰাষ্ট্ৰ ইয়াৰ সদস্য। ভাৰত এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে প্ৰশাসনিক ব্যৱস্থা, গণতান্ত্রিক গৱেষণা, দক্ষতা বিকাশ আৰু বিভিন্ন প্রশিক্ষণ কাৰ্যসূচীত সক্রিয়ভাৱে সহযোগিতা আগবঢ়াই আহিছে।