প্ৰথমবাৰৰ বাবে অসমত দুখনকৈ ৰে’ল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ কনক ডেকা নামৰ এজন যুৱকৰ

■ কামৰূপ জিলাৰ কনক ডেকা নামৰ এজন যুৱকে অসমত প্ৰথমবাৰৰ বাবে দুখনকৈ ৰে’ল ক্ৰয় কৰি ব্যৱসায়িক ক্ষেত্ৰখনৰ সম্প্ৰসাৰণ ঘটাইছে। ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰে’ল ক’ৰিড’ৰ নিৰ্মাণ কৰাটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এইয়াই প্রথম। ভাৰতীয় ৰে’ল মানচিত্ৰত কনক ডেকাৰ ব্যক্তিগত ৰে’ল ষ্টেচনৰ নাম সংযোজিত হৈছে। প্ৰধানমন্ত্রী গতি শক্তি আঁচনিৰ অধীনত নিৰ্মাণ কৰা এই প্রকল্প মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব। ৩০০ বিঘা ভূমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় এহেজাৰ যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব। ২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা, মহেন্দ্রা, সোনালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালসংখ্যক বহুজাতিক প্রতিষ্ঠানে লজিষ্টিক সেৱা গ্ৰহণ কৰিব। এডভান্টেজ আছাম দ্বিতীয় পৰ্যায়ত স্বাক্ষৰিত প্ৰায় ৫০০ কোটি টকাৰ চুক্তি মর্মে যুৱ ব্যৱসায়ী কনক ডেকাই স্থাপন কৰিছে।