ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাৰ হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন

 

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাই কালি ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা থলুৱাভাৱে বিকশাই তোলা ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ উলম্বভাবে নিক্ষেপ কৰিব পৰা হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পৰীক্ষাকালত ভূ-ভাগৰ পৰা উলম্ব উৎক্ষেপকৰ সহায়ত একেবাৰে ওচৰৰ আৰু ভূপৃষ্ঠৰ পৰা কম উচ্চতাত দ্রুতবেগেৰে অহা লক্ষ্য ভেদ কৰা হয়। ইয়াৰ জৰিয়তে ক্ষেপনাস্ত্রবিধৰ কম উচ্চতাত ওচৰৰ লক্ষ্য ভেদৰ সামর্থ্য প্রতিপন্ন হয়। এই পৰীক্ষণৰ সময়ত নিচেই কম দূৰত্বত থকা লক্ষ্যত নিখুঁটভাৱে আঘাত হানি ইয়াক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ক্ষেত্ৰতো সফলতা লাভ কৰা হয়।
এই সফলতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে DRDO, নৌসেনা তথা প্ৰতিৰক্ষা উদ্যোগ খণ্ডক অভিনন্দন জ্ঞাপন কৰে।
ক্ষেপনাস্ত্ৰ পৰীক্ষণৰ এই শেহতীয়া সাফল্যক প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ আৰ্হি তথা উন্নয়নৰ সামৰ্থ্যৰ শক্তিশালী দৃষ্টান্ত বুলি অভিহিত কৰি তেওঁ এই পদক্ষেপ নৌসেনাৰ বাবে অন্যতম মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি মত প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।