প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইন্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পৰিকল্পনা অনুসৰি উৰণৰ সময়ত সকলো কৌশল প্ৰদৰ্শন কৰি ৰকেটটোৰ সৰ্বোচ্চ ১২০ কিলোমিটাৰ দূৰত্বৰ বাবে পৰীক্ষা কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, লং ৰেঞ্জ গাইডেড ৰকেটে নিখুঁতভাৱে লক্ষ্যত উপনীত হয়। এই ৰকেটটো অস্ত্ৰ গৱেষণা আৰু উন্নয়ন প্রতিষ্ঠানে High energy materials research laboratoryৰ সহযোগত ডিজাইন কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কৃতিত্বৰ বাবে ডি আৰ ডি অ’ক অভিনন্দন জনায়। তেওঁ কয় যে দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ সফল ডিজাইন আৰু বিকাশে সশস্ত্র বাহিনীৰ সামৰ্থ্য বৃদ্ধি কৰিব।
Site Admin | December 30, 2025 10:15 AM | DRDO
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইণ্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন