ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা – DRDOই কালি ওড়িশাৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰে। সশস্ত্র বাহিনীসমূহৰ বাবে ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ সমৰাষ্ট্ৰ কঢ়িয়াই নিয়াৰ বাবে এই ক্ষেপণাস্ত্র বিকশাই তোলা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে এই ক্ষেপণাস্ত্রবিধৰ সফল পৰীক্ষণৰ ঐতিহাসিক সাফল্য বুলি অভিহিত কৰে। এই পৰীক্ষণৰ পাছত এনেধৰণৰ জটিল আৰু অত্যাধুনিক সামৰিক প্ৰযুক্তিৰ সামৰ্থ্য বিশিষ্ট কেইখনমান বছা বছা দেশৰ ভিতৰত ভাৰতৰ নামো অন্তৰ্ভুক্ত হোৱা বুলি উল্লেখ কৰি শ্রীসিঙে এই সফল পৰীক্ষণৰ বাবে DRDO, সশস্ত্র বাহিনী আৰু প্ৰতিৰক্ষা উদ্যোগ জগতক অভিনন্দন জনাইছে।