প্ৰতিৰক্ষা আহিলাপাতি নির্মাণেৰে সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ ভাৰত সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰতিৰক্ষা সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীযে লালকীল্লাৰ ভাষণত কয় যে, দেশ এইক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ উঠিছে আৰু প্ৰতিৰক্ষা আহিলাপাতি নির্মাণেৰে সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। দেশ প্ৰতিগৰাকী শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীৰ ওচৰত চিৰ ঋণী বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বালাংদেশ সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰত দেশখনৰ পৰিস্থিতিকলৈ উদ্বিগ্ন। তেওঁ দেশখনলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় জনসাধাৰণ চুবুৰীয়া ৰাষ্ট্ৰখনত বাস কৰা হিন্দু আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষাক লৈ উদ্বিগ্ন বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে । শ্ৰী মোদীয়ে পৰৱৰ্তী ৫ বছৰত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আৰু ৭৫ হাজাৰ আসন সৃষ্টি কৰা হ’ব বুলি ঘোষণা কৰে। বিগত ১০ বছৰত চিকিৎ‍সা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্য প্রায় এক লাখলৈ বৃদ্ধি কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। লালকীল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে শিশু আৰু একাংশ দৰ্শকৰ সৈতে মত বিনিময় কৰে। ইয়াৰ আগেয়ে শ্ৰী মোদীয়ে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।