প্ৰচণ্ড শীতৰ মাজতো তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীৰ উদ্ধাৰ অভিযান অব্যহত

পশ্চিম চীনৰ তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীয়ে আজি প্ৰচণ্ড শীতৰ মাজতো উদ্ধাৰ অভিযান অব্যহত ৰাখিছে। তিববতৰ চিগাটচে অঞ্চলত চলোৱা প্ৰাৰম্ভিক অনুসন্ধানত ভূমিকম্পত ৩ হাজাৰ ৬০৯ টা বাসগৃহ ধ্বংস হোৱাৰ তথ্য পোৱা গৈছে। এভাৰেষ্ট শৃংগৰ পৰা ৭৫ কিলোমিটাৰ উত্তৰত আৰু নেপাল সীমান্তৰ তীববতৰ আটাইতকৈ জনবহুল অঞ্চল টিংৰিত কালি পুৱা অনুভূত ৭.১ প্রাবল্যৰ বিধবংসী ভূমিকম্পত কমেও ১২৬ জন লোকে প্ৰাণ হেৰুৱায়। চীনৰ চৰকাৰে ভূমিকম্পৰ ফলত কিমান লোক নিৰুদ্দেশ হৈ আছে তাৰ সঠিক তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই। টিংৰি অঞ্চলৰ জিৰো ডিগ্ৰী চেলছিয়াছৰো কম তাপমাত্ৰাত আজি পিপল্‌ছ লিবাৰেচন আৰ্মী আৰু অগ্নি নির্বাপক বাহিনীৰ কেইবাহাজাৰো লোক উদ্ধাৰকাৰ্যত নিয়োজিত হৈ আছে বুলি চীনৰ চৰকাৰী টেলিভিছন চেনেল চি চি টি ভিয়ে প্রকাশ কৰিছে। অঞ্চলটোত কালিৰ সংহাৰী ভূমিকম্পৰ পাছৰ ২৪ ঘণ্টাত ৫১৫ টা সৰু সৰু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে বুলি সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।