ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰে পৰা WOMEN FOR TREES শীৰ্ষক সেউজ অভিযান আৰম্ভ

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰ পৰা WOMEN FOR TREES শীৰ্ষক এক অভিনৱ সেউজ অভিযান আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিকল্পনাৰ অধীনত, অটল মিছন ফৰ ৰিজুভেনেশ্বন এণ্ড আৰবান ট্রান্সফর্মেশন আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ যৌথ প্ৰচেষ্টাত শিলচৰ চহৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে নগৰীয় স্থানীয় সংস্থা আৰু আত্মসহায়ক গোটৰ সদস্যসকলে কাছাৰ মহাবিদ্যালয়ৰ কাষত গছপুলি ৰোপণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এই অঞ্চলৰ পৰাই পৰিবেশ সুৰক্ষাৰ এটা দীঘলীয়া যাত্ৰা আৰম্ভ হ’ব, য’ত গছপুলি ৰোপণ আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ জৰিয়তে চহৰখনৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য পুনৰুদ্ধাৰৰ চেষ্টা কৰা হ’ব। WOMEN FOR TREES কেৱল মাত্ৰ গছপুলি ৰোপণৰ কাৰ্যসূচী নহয়, বৰং ই এক নতুন সেউজ বিপ্লৱ। এই বিপ্লৱত সমাজৰ চালিকা শক্তি মহিলাসকলে বিশেষ ভূমিকা গ্ৰহণ কৰি প্ৰকৃতিৰ ৰক্ষক হিচাপে আত্মপ্ৰকাশ কৰিছে। শিলচৰৰ মহিলাসকলৰ এই সেউজ বিপ্লৱে জিলাখনৰ লগতে ৰাজ্যখনৰ পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ইতিবাচক বার্তা বহন কৰিবলৈ সমৰ্থ হব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক