প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৰ বিশেষ প্রচেষ্টা

■ নগাওঁ জিলাৰ চাপানলৰ হাতীখলী গাঁৱৰ লগতে বৃহত্তৰ অঞ্চলটোত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠন হাতী বন্ধুৱে বিশেষ প্রচেষ্টা গ্রহণ কৰিছে। প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাৰ নেতৃত্বত তথা গুৱাহাটী জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত হাতী বন্ধুৱে বিগত ৮ টা বছৰৰ দৰে এইবাৰ নৱম বছৰটো বনৰীয়া হাতীজাকক খাদ্য যোগান ধৰাৰ বাবে কাৰ্বিং পাহাৰৰ হস্তীদণ্ডীত থকা হাতীখলী ৰংহাং গাঁৱৰ ২০০ বিঘা ভূমিত ধান খেতি কৰিছে। যোৱা পাঁচটা দিনে জাকে জাকে বনৰীয়া হাতীয়ে এই ধান খোৱাৰ ফলত জনাঞ্চলত হাতীৰ উপদ্ৰৱ হ্ৰাস পাইছে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মন কী বাত অনুষ্ঠানত হাতী বন্ধুৰ এই প্ৰচেষ্টাক শলাগ লৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।