প্রাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা মুকলি

অসমৰ স্বাস্থ্য খণ্ডত নৱীনতম সংযোজন প্রাগজ্যোতিষপুৰ চিকিৎ‍সা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা আজিৰেপৰা কার্যক্ষম হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ চতুৰ্দশ আৰু গুৱাহাটীৰ দ্বিতীয়খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগ সেৱা ৰাইজৰ বাবে মুকলি কৰি দিছে। প্রায় ৫০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খনত ৫০৫ খন বিছনাৰ সুবিধা থাকিব। চিকিৎসা মহাবিদ্যালয়খন সম্পূর্ণ প্রযুক্তিচালিত স্বাস্থ্য প্রতিষ্ঠান হিচাপে বিবেচিত হ’ব বুলি আজি মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কৰ্মচাৰীসকলৰ বাবে ৭ কোটি টকা ব্যয়সাপেক্ষ মানৱ সম্পদ ব্যৱস্থাপনাৰ প’ৰ্টেল এটাও ভার্চুৱেলী উন্মোচন কৰে। ১০ হাজাৰৰো অধিক নিয়মীয়া কৰ্মচাৰীৰ তথ্য এই প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যৰ ১ কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ লক্ষ্যৰে এটা বৃহৎ পৰীক্ষণ কাৰ্যসূচীৰো মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰে। এই কাৰ্যসূচী আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ সহযোগত সম্পন্ন কৰা হ’ব বুলি ড° শৰ্মাই জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।