ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে। আজি মুম্বাইত এখন সংবাদমেলত ভাগ লৈ শ্ৰী চিদাম্বৰমে কর্মসংস্থাপনহীনতাক ৰাজ্যখনৰ আটাইতকৈ গুৰুতৰ বিষয় বুলি অভিহিত কৰে। এই সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন, বিত্তীয় আৰু ৰাজহ ঘাটি তথা মন্থৰ কৃষি বিকাশৰ তথ্য উপস্থাপন কৰে। তেওঁ উদ্যোগসমূহ চুবুৰীয়া ৰাষ্ট্ৰলৈ স্থানান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সমালোচনা কৰে আৰু পিঁয়াজৰ ৰপ্তানিৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে খেতিয়কসকলক লোকচানৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে। তেওঁ লগতে উদ্যোগপতিসকলৰ বাবে ১৫ লাখ টকাৰ ঋণ মাফৰ সিদ্ধান্তক সমালোচনা কৰে। কংগ্ৰেছে আই এন ডি আই মিত্ৰজোঁটৰ মাধ্যমেৰে তেলেংগানা আৰু কৰ্ণাটকৰ লেখীয়া ৰাজ্যসমূহত প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি শ্ৰী চিদাম্বৰমে আশ্বাস দিয়ে। অনুষ্ঠানত কংগ্ৰেছে মুম্বাইনামা শীৰ্ষক দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। এই ইস্তাহাৰত ৮টা নিচামুক্তি কেন্দ্ৰ, হিংসাৰ বলি হোৱা মহিলাৰ বাবে সাহায্য কেন্দ্ৰ আৰু ধাৰাবী পুনৰ উন্নয়ন প্রকল্প প্ৰত্যাহাৰৰ লেখীয় প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।