প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস হিচাপে পালন

প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ আজি ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস পালন কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত নেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কবে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্রাক্তন প্রধানমন্ত্রী বাজপেয়ীৰ জীৱন আৰু কৃতিৰ ওপৰত আধাৰিত এখন আলোকচিত্র প্রদর্শনীতো ভাগ লয়।

বিশ্বনাথ জিলাত আঁটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অংশগ্রহণ কৰে।

ধুবুৰী জিলাৰ হৰিসভাৰ সমীপত মন্ত্ৰী ৰণজিত কুমাৰ দাসে অটল বিহাৰী বাজপেয়ীৰ এটা প্রতিমূর্তি উন্মোচন কৰে।

কাছাৰ জিলাতো প্রাক্তন প্রধানমন্ত্রীগৰাকীলৈ শ্রদ্ধা নিবেদন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত মন্ত্রী কৌশিক ৰায়সহ বহু সংখ্যক ব্যক্তি উপস্থিত থাকে।

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অটল বিহাৰী বাজপেয়ীৰ জন্মবার্ষিকী উপলক্ষে দিল্লীত থকা তেওঁৰ সমাধিত পুষ্পার্ঘ্য নিবেদন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।