January 7, 2026 8:18 PM | kabidra

printer

প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান; মুখ্যমন্ত্ৰীৰ লগতে বিভিন্নজনৰ শোকপ্ৰকাশ

প্রাক্তন কেন্দ্রীয় মন্ত্রী কবিন্দ্ৰ পুৰকায়স্থৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। ৯৫ বছৰ বয়সত মৃত্যু হোৱা প্ৰয়াত পুৰকায়স্থ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত অসমৰ শ্ৰীহট্ট জিলাৰ কমাৰশালত জন্মগ্ৰহণ কৰা পুৰকায়স্থৰ পৰিয়ালে পৰৱৰ্তী কালত কাছাৰ জিলাত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। যুৱ অৱস্থাতে তেতিয়াৰ ভাৰতীয় জনসংঘত যোগদান কৰা কবিন্দ্ৰ পুৰকায়স্থই বৰাক উপত্যকাতে নহয় সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। দলৰ স্বাৰ্থত তেওঁ এখন বিদ্যালয়ৰ অধ্যক্ষৰ পদ ত্যাগ কৰি সম্পূৰ্ণৰূপে দলীয় কাম-কাজত মনোনিৱেশ কৰিছিল। ১৯৯১ চনত তেওঁ প্ৰথমবাৰৰ বাবে লোকসভালৈ নির্বাচিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ অটল বিহাৰী বাজপেয়ী চৰকাৰৰ যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী আছিল। প্রয়াত নেতাগৰাকীৰ নশ্বৰদেহ আজি নিশাটো শিলচৰতে ৰখা হ’ব আৰু কাইলৈ তেওঁৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী ডা০ ৰণোজ পেগু, পীযূষ হাজৰিকা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্রী-বিধায়কে শোক প্রকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম প্ৰতিষ্ঠাপক গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে কাইলৈ সকলো দলীয় কাৰ্যসূচী বাতিল কৰাৰ লগতে দলটোৰ সকলো কাৰ্যালয়ত দলীয় পতাকা অর্ধনমিত কৰি ৰাখিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আহ্বান জনাইছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।