ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 14, 2024 1:54 PM | Akashvani | Local news

printer

প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিৰাং জিলাৰ জে এছ বি অসামৰিক চিকিৎসালয়ত হুলস্থূলীয়া পৰিবেশ

চিৰাং জিলাৰ সদৰ কাজল গাঁৱত থকা জে এছ বি অসামৰিক চিকিৎসালয়ত শুকুৰবাৰে এগৰাকী প্রসূতিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। চিজাৰিয়ান পদ্ধতিত এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছতে প্ৰসূতি মহিলাগৰাকীৰ মৃত্যু হয়। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ অভিযোগ যে জে এছ বি অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিশেষজ্ঞগৰাকীৰ ভুল চিকিৎ‍সাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হৈছে। মৃত মহিলাগৰাকীৰ ঘৰ চিৰাং জিলাৰ বিজনীৰ বৰলেছিয়া গাঁৱত। মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত প্রয়োজনীয় তদন্ত কৰা হ’ব বুলি চিৰাং জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰেজাউল কৰিমে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। আমাৰ চিৰাং জিলাৰ সংবাদদাতাই জনোৱা মতে, চিকিৎসালয়খনত স্বাভাৱিক পৰিবেশ ঘূৰাই অনাৰ বাবে আৰক্ষীৰ লোক উপস্থিত হৈ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।