ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং আজি নতুন দিল্লীত প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। শ্ৰীৱং প্রধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিছে। বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহত আলোচনা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে শ্ৰীৱঙক নতুন দিল্লীত সাক্ষাৎ কৰে। ড০ জয়শংকৰে ভাৰত-ছিংগাপুৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰন্তৰ প্ৰয়াসৰ শলাগ লয়। শ্ৰীমোদী আৰু শ্ৰীৱঙৰ মাজৰ আলোচনাই দুয়োখন দেশৰ মাজৰ সমসাময়িক সম্পৰ্কৰ দিশত এটা ৰূপৰেখা প্ৰস্তুত কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ভাৰত-ছিংগাপুৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী ৰঙৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্ব সুদৃঢ় কৰাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতা অব্যাহত ৰখাটো পুনৰ নিশ্চিত কৰিছে। এই ভ্রমণে লগতে প্রধানমন্ত্রী দুগৰাকীক পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনাৰ সুযোগ প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ছিংগাপুৰ হৈছে ভাৰতৰ গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু বিগত বৰ্ষৰ ছেপ্তেম্বৰত প্রধানমন্ত্ৰী মোদীৰ ছিংগাপুৰ ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ পৰিণত কৰিলে।