প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ গুৱাহাটী বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান, গ্রামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ সহযোগত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী শ্ৰীমল্লবৰুৱাই কয়, যে প্রধানমন্ত্রী মোদীয়ে কার্যভাৰ গ্ৰহণ কৰাৰ পৰাই স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰতিবছৰে স্বচ্ছতাই সেৱা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে ৰাজ্যসমূহক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে কয়, যে স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনত বহনক্ষম স্বচ্ছতাৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগাব। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আজিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে।
উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া উপস্থিত থাকে।
দৰং জিলাৰ মঙলদৈতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু স্থানীয় বেচৰকাৰী সংস্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত বিধায়কদ্বয় বসন্ত দাস, ৬০ পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে।
প্রধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে মৰিগাঁও জিলাতো স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আজি প্ৰথম দিনা জিলা স্বাস্থ্য সমিতি আৰু ছহিদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ উদ্যোগত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।
কাছাৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত তথা শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সহযোগত প্রধানমন্ত্ৰী মোদীৰ জন্মদিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহৎ ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে শ্রীভূমি জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগতো দুটা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়।
Site Admin | September 17, 2025 6:54 PM | Akashvani Guwahati | Jayanta Malla | Swachatta
প্রধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ শুভাৰম্ভ
