প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত এঘাৰ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্রিয়া পেটেলে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰত দেশত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্ৰাথমিকৰ পৰা স্বাস্থ্য যতন ব্যৱস্থাক তিনি গুণ ৰূপান্তৰ সাধন কৰিছে। নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎ‍সা মহাবিদ্যালয় আৰু চফদৰ্জং চিকিৎসালয়ৰ সপ্তম সমাৱৰ্তনত সম্বোধন কৰি তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে সকলোৰে বাবে স্বাস্থ্য সেৱা ব্যয় সাধ্য কৰি তুলিছে। তেওঁ কয় যে চৰকাৰে দৰিদ্ৰ আৰু আতৰ্জনক বিভিন্ন আঁচনিৰ জৰিয়তে বিত্তীয় সুৰক্ষা প্ৰদান কৰিছে। শ্ৰীমতী পেটেলে লগতে কয় যে প্রাথমিক স্বাস্থ্য যতন সুবিধা প্ৰদানৰ বাবে সমগ্ৰ দেশতে এক লাখ ৭৮ হাজাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ কাৰ্যক্ষম হৈ আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।