ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্ৰী মোদীৰ দৰং জিলা ভ্ৰমণ সন্দৰ্ভত মঙলদৈত চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ দিলীপ শ‍ইকীয়াৰ পর্যালোচনা বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ছেপ্তেম্বৰ মাহৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণ সন্দৰ্ভত ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি মঙলদৈত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত অহা ৮ ছেপ্তেম্বৰত কুৰুৱা-নাৰেংগী দলং আৰু গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন উপলক্ষে প্রধানমন্ত্ৰীৰ কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয়। এই সভাৰ স্থান নিৰ্ধাৰণ কৰাৰ বাবে এখন সমিতি গঠন কৰিবলৈকো কালিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। একেখন বৈঠকতে দৰং জিলাত বান পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হয়। বৈঠকত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্রহণ কৰে।