ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্ৰী মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা গৃহমন্ত্রী অমিত শ্বাহৰ

দেশৰ দৰিদ্ৰ, যুৱ প্ৰজন্ম, কৃষক আৰু মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ‍ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এলানি বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে নতুন সংস্কাৰে ভালেসংখ্যক সামগ্ৰীৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ হ্ৰাস কৰি সামগ্ৰিকভাৱে জনসাধাৰণৰ ব্যয় হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰ বিকাশ দ্রুত হোৱাৰ লগতে ভাৰত বিশ্বৰ অন্যতম সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ পথ প্ৰশস্ত হ’ব বুলি তেওঁ কয় । শ্ৰী শ্বাহে কয়, যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে জি এছ টিৰ নতুন সংস্কাৰৰ জৰিয়তে মধ্যবিত্তসকলৰ সঞ্চয় বৃদ্ধি কৰি তেওঁলোকক অপাৰ সুবিধা লাভৰ সুযোগ দিব। দৈনন্দিন প্রয়োজনীয় সামগ্রীসমূহৰ লগতে স্বাস্থ্য সেৱা আৰু বৈদ্যুতিন সামগ্ৰীৰ ক্ষেত্ৰত কৰ হ্ৰাস হোৱাৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতাও বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে পৰৱৰ্তী প্ৰজন্মই জি এছ টি সংস্কাৰ কিদৰে আত্মনিৰ্ভৰতা বৃদ্ধি কৰিব সেই বিষয়েও আলোকপাত কৰে।

কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কয়, যে জি এছ টিৰ বৃহৎ সংস্কাৰৰ কাৰ্যকৰীকৰণৰ জৰিয়তে প্রধানমন্ত্ৰীয়ে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰে পৰা কাৰ্যকৰী হোৱা জি এছ টি সংস্কাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সংবাদমেলত কয়, যে এই সংস্কাৰে সমগ্ৰ দেশৰ মধ্যবিত্ত শ্ৰেণী, দুখীয়া আৰু নিম্ন আয়ৰ লোকসকলক যথেষ্ট সকাহ দিয়াৰ লগতে দেশৰ ১৪০ কোটি নাগৰিকক উপকৃত কৰিব।