প্রধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাজস্থানৰ বিকানেৰৰ পৰা অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুনকৈ বিকাশাই তোলা ১০৩ টা ষ্টেচন মুকলি কৰিব। এই অমৃত ভাৰত ষ্টেছনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা-সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেছনসমূহত শ্বপিংমল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেছনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্রতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। প্রধানমন্ত্রীয়ে লগতে ২৬ হাজাৰ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়ন প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পৰসমূহৰ ভিতৰত ৰে’ল, পথ, শক্তি, জল আৰু নৱীকৰণযোগ্য শক্তিখণ্ডৰ প্ৰকল্প আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।