প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইজিং নর্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। উত্তৰ-পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই দুদিনীয়া সন্মিলনৰ অংশ হিচাপে মন্ত্ৰী পৰ্যায়ৰ সত্ৰ, বৈঠক, ষ্টাৰ্ট আপ আৰু নীতি তথা বিনিয়োগত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ে গ্রহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই সন্মিলনত ঘাইকৈ পৰ্যটন, আতিথ্য, কৃষি-খাদ্য প্ৰ-সংস্কৰণ আৰু আনুষংগিক খণ্ড, বস্ত্র শিল্প, হস্ততাঁত, হস্তশিল্প, স্বাস্থ্য সেৱা, শিক্ষা আৰু দক্ষতা বিকাশ, তথ্য প্রযুক্তি, আন্তঃগাঁথনি, পৰিবহণ, শক্তি, মনোৰঞ্জন আৰু ক্ৰীড়া ক্ষেত্ৰৰ বিনিয়োগৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ’ব।

এই দুদিনীয়া সন্মিলনেৰে পূৰ্বৰে পৰা অনুষ্ঠিত ৰোড শ্ব’ আৰু ৰাজ্য চৰকাৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা ৰাষ্ট্ৰদূতৰ বৈঠকৰো সামৰণি পৰিব।
ইপিনে, কেন্দ্রীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি এই সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰীৰ সংকল্প আৰু প্ৰৱল ইচ্ছাশক্তিয়ে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক বিশ্বৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰাত অৱদান আগবঢ়াব পৰাকৈ পূৰ্ণৰূপে সাজু কৰি তুলিছে। কেন্দ্রীয় বাজেটত অঞ্চলটোৰ বাবে ১০ শতাংশ ধন আবণ্টনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোত ৬ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ইয়াৰ উপৰি অঞ্চলটোৰ বিভিন্ন ৰাজ্যলৈ কৰ হস্তান্তৰ কাৰ্যসূচীৰ অধীনত ৫ লাখ ২৫ হাজাৰ কোটি টকা প্ৰদান কৰা হৈছে বুলি শ্রীসিন্ধিয়াই জানিবলৈ দিয়ে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বিনিয়োগকাৰীসকলৰ ধাৰণা সলনি হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।