ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন মুকলি কৰিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন মুকলি কৰিব। এই উপলক্ষে প্রধানমন্ত্ৰীগৰাকীয়ে এখন জনসভাতো ভাষণ দিব। ছেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অংশ হিচাপে এই ভৱন নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰশাসনিক প্রক্রিয়াসমূহ সুশৃংখল কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰি থকা সাধাৰণ কেন্দ্ৰীয় সচিবালয় ভৱন নিৰ্মাণ প্ৰকল্পৰ অংশ হিচাপে কৰ্তব্য ভৱন সাজি উলিওৱা হৈছে।

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা বিবৃতিৰ জৰিয়তে জনোৱা অনুসৰি ১.৫০ লাখ বর্গমিটাৰ এলেকাজোৰা এই ভৱনটো মোদী চৰকাৰৰ আধুনিক, দক্ষ আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি থকা দায়বদ্ধতাৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।