প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ প্ৰায় দুহেজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সমষ্টিটো ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এখন জনসভাতো ভাষণ দিব। এই অনুষ্ঠানতেই শ্রীমোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ কুৰি সংখ্যক কিস্তিৰ ধন আনুষ্ঠানিকভাৱে মুকলি কৰি দিব। এই ব্যৱস্থাৰ জৰিয়তে প্রায় ২০ হাজাৰ ৫০০ কোটি টকা কৃষকসকলৰ বেংক একাউণ্টলৈ মোকলাই দিয়া হ’ব আৰু ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যৰ ৯ কোটি ৭০ লাখ গৰাকী কৃষক উপকৃত হ’ব।
Site Admin | August 1, 2025 9:17 PM | Akashvani Guwahati | narendra modi | Narendra Modi X | PM Modi at Varanasi | PMO Modi
প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব