উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন দুৱাৰমুখ হিচাপে উদ্ভাসিত হৈ উঠিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। উত্তৰ-পূবক দেশৰ বাকী অংশৰ সৈতে উন্নয়নৰ পথত সমানে আগবঢ়াই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা লক্ষ্যৰ বিষয়েও প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্প আৰু ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণৰ বাবে অনুষ্ঠিত ভূমিপূজনত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অংশগ্ৰহণ কৰে। এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয়, যে অসম উন্নতিৰ পথত আগবাঢ়িলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই উন্নতিৰ পথত আগবাঢ়িব আৰু উত্তৰ-পূৰ্বাঞ্চল আগবাঢ়িলে সামগ্রিকভাৱে ভাৰতবৰ্ষৰ উন্নয়ন সাধন সম্ভৱ হ’ব। ৬৯৫৭ কোটি টকা ব্যয়সাপেক্ষ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰেৰে নিৰ্মাণ কৰিবলগীয়া ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ আৰু কলিয়াবৰৰ পৰা নুমলীগড়লৈ হ’বলগীয়া চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে বিজেপি চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ উন্নয়নক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বাবে নতুন নতুন সুযোগ আৰু দীৰ্ঘকালীন উন্নয়নৰ পথ প্ৰশস্ত হ’ব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে অর্থনীতি আৰু পৰিবেশতন্ত্ৰ দুয়োবিধ একে সময়তে একেলগে আগবাঢ়ি যাব পাৰে আৰু এই দুয়োবিধৰ মাজত সংঘাত হ’ব পাৰে বুলি তেওঁ বিশ্বাস নকৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিক্রিয় ভূমিকা গ্ৰহণ কৰা বুলি দলটোক সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টী সম্প্ৰতি দেশবাসীৰ একমাত্ৰ ভাৰসা হৈ উঠা বুলিও উল্লেখ কৰে।
Site Admin | January 18, 2026 7:29 PM | 35 km Elevated Corridor across Kaziranga | PM Modi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা এলিভেটেড কৰিড’ৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ চাৰিশৰীয়া পথৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন