প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাতলৈ ৬৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিড’ৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু বাধাহীনভাৱে আহ-যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ-জন্তুৰ সংঘাত হ্ৰাস কৰাত সহায় কৰিব। এলিভেটেড কৰিড’ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ’ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত থাকিব।
প্রধানমন্ত্রী মোদীয়ে আজি এই ভ্ৰমণৰ সময়তে জাগীৰোড ৰে’ল ষ্টেচনত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু কামাখ্যাৰ পৰা ৰহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। এই নতুন ৰে’ল সেৱাই উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰে’ল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। এই সন্দৰ্ভত ৰে’লৱেৰ মাণ্ডলিক বাণিজ্যিক প্ৰৱন্ধক ধ্ৰুৱজ্যোতি বৰ্মনে কয়, যে এই ৰে’লসেৱাই যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে দুটা ইঞ্জিনৰ ব্যৱস্থাৰে নিৰ্ভৰযোগ্যতাও বৃদ্ধি কৰিব। তদুপৰি এই ৰে’লসমূহত অগ্নি নির্বাপনৰ ব্যৱস্থাকে ধৰি উন্নত প্ৰযুক্তিৰ সুৰক্ষা ব্যৱস্থা থাকিব বুলি তেওঁ উল্লেখ কৰে।