অসম উন্নতিৰ পথত আগবাঢ়িলে সমগ্র উত্তৰ-পূর্বাঞ্চলেই উন্নতিৰ পথত আগবাঢ়িব আৰু উত্তৰ-পূৰ্বাঞ্চল আগবাঢ়িলে সামগ্রিকভাবে ভাৰতবৰ্ষৰ উন্নয়ন সাধন সম্ভৱ হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট নীতিৰ আধাৰত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ দ্রুত উন্নয়ন সম্ভৱপৰ হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি ভাৰতীয় জনতা পার্টী দেশৰ জনসাধাৰণৰ একমাত্ৰ ভাৰসা হৈ উঠিছে। কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত আজি আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ এইদৰে মত প্রকাশ কৰে। কলিয়াবৰৰ পৰা বোকাখাতলৈ ৬৯৫০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অসমৰ গুৰুত্ব বৃদ্ধি কৰিব। এই এলিভেটেড কৰিড’ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তু বাধাহীনভাৱে আহ-যাহ কৰোটো সুনিশ্চিত হৈ উঠিব তথা মানুহ আৰু জীৱ-জন্তুৰ সংঘাত হ্রাস পাব বুলি শ্রীমোদীয়ে আশা প্রকাশ কৰে।
এলিভেটেড কৰিড’ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ’ব আৰু দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ আৰু বিধায়ক উপস্থিত থাকে।
প্রধানমন্ত্রী মোদীয়ে আজি এই ভ্ৰমণৰ সময়তে জাগীৰোড ৰে’ল ষ্টেচনত আয়োজিত এটা অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু কামাখ্যাৰ পৰা ৰহটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰে। এই নতুন ৰে’ল সেৱাই উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰে’ল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব। এই সন্দৰ্ভত ৰে’লৱেৰ মাণ্ডলিক বাণিজ্যিক প্ৰৱন্ধক ধ্ৰুৱজ্যোতি বৰ্মনে কয়, যে এই ৰে’লসেৱাই যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে দুটা ইঞ্জিনৰ ব্যৱস্থাৰে নিৰ্ভৰযোগ্যতাও বৃদ্ধি কৰিব। তদুপৰি এই ৰে’লসমূহত অগ্নি নির্বাপনৰ ব্যৱস্থাকে ধৰি উন্নত প্ৰযুক্তিৰ সুৰক্ষা ব্যৱস্থা থাকিব বুলি তেওঁ উল্লেখ কৰে।