January 15, 2026 7:19 PM | PM modi Assam Visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। সেইদিনা বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি চলি আছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটী অভিমুখে ৰাওনা হৈছে। অসমৰ চহকী ঐতিহ্য বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেলত প্ৰকাশ কৰে ।
বাগৰুম্বা দ’হৌ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিটিচিত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ ১৭ জানুৱাৰীত হ’বলগীয়া নথি পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। প্রধানমন্ত্রী মোদীয়ে অহা ১৮ জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ ল’ব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাতলৈ  ৬৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰী পীযূষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে আজি প্ৰধানমন্ত্রীয়ে অংশ ল’বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। প্রধানমন্ত্রী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউটালৈ চলিবলগীয়া দুখন ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।