প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত অংশগ্ৰহণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে সম্প্ৰতি গুজৰাটত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহাসিক সোমনাথ স্বাভিমান পর্বত ভাগ লয়। ১০২৬ চনৰ জানুৱাৰীত সোমনাথ মন্দিৰৰ ওপৰত সংঘটিত প্ৰথম আক্ৰমণৰ এহেজাৰ বছৰ আৰু দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫১ চনত মন্দিৰটো পুনৰ নিৰ্মাণৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্দিৰটোৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়াসকলৰ সন্মানার্থে প্রতিকী ৰূপত আয়োজন কৰা শৌৰ্য যাত্ৰাটো অংশগ্ৰহণ কৰে। তেওঁ মন্দিৰটোত পূজা-অৰ্চনাও আগবঢ়ায়। পাছত প্ৰধানমন্ত্ৰীয়ে ৰাজকোটত আয়োজিত ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন মুকলি কৰিব।
১২ জ্যোর্তিলিংগৰ প্ৰথম ঐতিহাসিৰ সোমনাথ শিৱ মন্দিৰ অভূতপূৰ্ব আস্থাৰ প্ৰতীক। বিদেশী আক্ৰমণকাৰীসকলে শতিকা ধৰি মন্দিৰটো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ১০২৬ চনত গজনিৰ মামুদে মন্দিৰটোৰ সম্পদ লুটি নিছিল আৰু মণিকূট ধ্বংস কৰিছিল। ভীমদেৱৰ দৰে স্থানীয় ৰজাসকলে মন্দিৰটো পুনৰ নিৰ্মাণৰ বাবে বাৰে বাৰে চেষ্টা চলোৱাৰ পাছতো ১৭ শতিকাত মোগল সম্ৰাট ঔৰংজেৱৰ দিনত মন্দিৰটো পুনৰ ধবংস কৰা হৈছিল। ১৮ শতিকাত ইন্দোৰৰ ভৱিষ্যদর্শী ৰাণী অহিল্যা বাই হোলকাৰে ধ্বংসপ্ৰাপ্ত মন্দিৰৰ সমীপত এটা নতুন মন্দিৰ নিৰ্মাণ কৰি ভক্তিৰ আস্থা সজীৱ কৰি ৰাখিছিল। দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৭ চনত চৰ্দাৰ বল্লভ ভাই পেটেলে প্রভাষ পাৰ্টলত থকা মন্দিৰৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিছিল আৰু দেশৰ হৃত গৌৰৱ উদ্ধাৰ কৰাৰ উদ্দেশ্যে মন্দিৰটো পুনৰ নিৰ্মাণৰ ঐতিহাসিক সংকল্প লৈছিল। তেওঁৰ পথ প্ৰদৰ্শনত এটা ৰাজহুৱা ন্যাস গঠন কৰা হৈছিল আৰু এই ন্যাসৰ অধীনত চালুক্য শৈলীৰ বৰ্তমানৰ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। ১৯৫১ চনত সেই সময়ৰ ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মন্দিৰটোৰ উন্নয়ন যাত্রা বর্তমান অব্যাহত আছে। প্ৰসাদ আঁচনিৰ অধীনত সমুদ্ৰৰ পাৰে পাৰে খোজকঢ়াৰ সুবিধা, পৰ্যটন কেন্দ্ৰ আৰু সংগ্ৰহালয় বীথিকাকে ধৰি অত্যাধুনিক সা-সুবিধাৰে মন্দিৰ চৌহদ সু-সজ্জিত কৰি তোলা হৈছে।