প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী উপস্থিত থাকিবলগীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি সেইদিনা বাগৰুম্বাৰ নৃত্যত ২৩ খন জিলাৰ ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্রহণ কৰিব। বাগৰুম্বা নৃত্যত ভাগ লবলগীয়া শিল্পীসকলক প্ৰশিক্ষণ দিবৰ বাবে ৪, ৫ আৰু ৬ জানুৱাৰীত প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ হ’ব। প্রশিক্ষিত প্রশিক্ষকসকলে ৮ ৰ পৰা ১০ জানুৱাৰীলৈ বিভিন্ন জিলাত শিল্পীসকলক পৃথকে পৃথকে প্রশিক্ষণ দিব। স্থানীয় প্রশিক্ষণৰ অন্তত এঘাৰ জানুৱাৰীত শিল্পীসকলত গুৱাহাটীলৈ অনা হ’ব। এইসকল শিল্পীয়ে ১২ৰ পৰা ১৫ জানুৱাৰীলৈ একেলগে সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে আখৰা কৰিব। ১৬ জানুৱাৰীত বিৰতি লৈ ১৭ জানুৱাৰীত প্রধানমন্ত্ৰীৰ উপস্থিতিত একেলগে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব । এই অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে ভাগ লোৱাৰ লগতে ১৮ জানুৱাৰীত কলিয়াবৰৰ মৌচন্দা পথাৰত এখন জনসভা সম্বোধন কৰিব। এই সভাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ৭ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি সন্দৰ্ভত কলিয়াবৰৰ কুৱৰিটোলত থকা অসম গণ পৰিষদৰ কাৰ্যালয়ত অগপ আৰু বিজেপি নেতা কৰ্মীসকলৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা, অতুল বৰা, কেশৱ মহন্ত, বিধায়ক কৃষ্ণকমল তাতি, শিবু মুশু, ৰূপক শৰ্মা, শশীকান্ত দাস আৰু দিপলু ৰঞ্জন শৰ্মাৰ লগতে কলিয়াবৰৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰে।
Site Admin | January 2, 2026 8:48 PM | PM modi Assam Visit
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব