প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুৱাহাটী আগমনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। কালি এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই এই বিষয়ে প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি যান- বাহনৰ বাবে বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হোৱা নাই। অৱশ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত জনসাধাৰণক পাণবজাৰ-ফাঁচীবজাৰ পথ, ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখৰা, বৰাগাঁও অঞ্চলৰ পথসমূহ এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে।
Site Admin | December 20, 2025 12:29 PM | PM Assam Visit
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত গধুৰ বাহনৰ চলাচলত নিষেধাজ্ঞা