November 28, 2025 12:11 PM | PM Visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্ণাটক আৰু গোৱা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৰ্ণাটক আৰু গোৱালৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে কৰ্ণাটকৰ উদুপিৰ শ্ৰীকৃষ্ণ মঠ পৰিদৰ্শন কৰিব আৰু লক্ষ কণ্ঠ গীতা পাৰায়ন কাৰ্যসূচীত ভাগ ল’ব। তেওঁ লগতে কৃষ্ণ গৰ্ভ গৃহৰ সন্মুখত থকা সুবৰ্ণ তীৰ্থ মণ্ডপ মুকলি কৰিব আৰু পৱিত্ৰ কনকনাৰ কিন্দিৰ বাবে কনক কৱচ উৎসর্গিত কৰিব।
গোৱা ভ্ৰমণকালত শ্ৰীমোদীয়ে সাৰধা পঞ্চাষ্টমানোৎসৱ উপলক্ষে শ্রীসংস্থান গোকর্ণ পৰতগলি জীৱোত্তম মঠৰ ৫৫০ সংখ্যক বর্ষ উদযাপন অনুষ্ঠানত ভাগ ল’ব। শ্রীমোদীয়ে লগতে মঠটোত ব্ৰঞ্জৰে নিৰ্মাণ কৰা শ্ৰীৰামৰ ৭৭ ফুট ওখ মূৰ্তি উন্মোচন কৰিব আৰু ৰামায়ণ থীমপাৰ্ক মুকলি কৰিব। এই উপলক্ষে প্রধানমন্ত্রীয়ে এটা সমাৱেশত ভাষণ দিব আৰু বিশেষ ডাক টিকট তথা স্মাৰক মুদ্ৰা জাৰি কৰিব ৷