প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি জোহান্সবার্গত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ ভিতৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ, মালয়েছিয়াৰ প্ৰধানমন্ত্রী অনৱাৰ ইব্রাহিম, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাঁক্ৰ’, জাৰ্মানীৰ ছেন্সেলৰ ফেড্রিক মর্জ, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-ম্যাং, ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা ডি ছিলভা আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেছ অন্যতম।
শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয়, যে আলোচনাকালত তেওঁলোকে বিশ্ব প্ৰগতি আৰু সমৃদ্ধিৰ বাবে উমহৈতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে তেওঁৰ আলোচনা ফলপ্রসূ আছিল বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰত-ব্ৰিটেইনৰ মাজৰ সম্পৰ্কই এই বছৰ নতুন গতি লাভ কৰিছে আৰু দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত এই সহযোগিতাই আগবঢ়াই নিব। প্রধানমন্ত্রী মোদীয়ে কয়, যে তেওঁ মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে বিভিন্ন বিষয় লৈ বিস্তৃতভাৱে আলোচনা কৰে। দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্কলৈ বিবিধতা অনাৰ বাবে কাম কৰি যাব বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে ৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা কথাবতৰা সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, যে তেওঁৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা হয় । তেওঁ কয়, যে ভাৰতৰ আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক গোলকীয় হিতৰ বাবে গুৰুত্বপূৰ্ণ শক্তিৰূপে পৰিগণিত হৈ আহিছে। প্রধানমন্ত্রী মোদীয়ে লগতে আংগোলাৰ ৰাষ্ট্ৰপতি তথা আফ্ৰিকীয় সংঘৰ অধ্যক্ষ জোআঅ মেনুৱেল গোঞ্জালভিছ ল’ৰেনক’ৰ সৈতেও আলোচনাত মিলিত হয়। শ্রী মোদীয়ে কয়, যে ভাৰতে আংগোলাৰ সৈতে থকা মিত্ৰতাত গুৰুত্ব দিয়ে আৰু দুয়োখন দেশে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কৰ সম্প্ৰসাৰণৰ বাবে কাম কৰি আছে। প্রধানমন্ত্রী মোদীয়ে লগতে ইথিঅ’পিয়াৰ প্রধানমন্ত্রী অবী আহমদ আলীকো দেখা কৰে আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ঐতিহাসিক তথা উন্নয়নমূলক সহযোগিতাৰ বলত সুদৃঢ় হোৱা বুলি অভিহিত কৰে। ভিয়েটনামৰ প্ৰধানমন্ত্রী মীন্‌হ ছিন্হৰ সৈতে হোৱা বৈঠক সন্দৰ্ভত শ্রী মোদীয়ে কয়, যে ভাৰত আৰু ভিয়েটনাম শক্তিশালী আৰু ভৱিষ্যমুখী সহযোগিতাৰ বাবে প্ৰতিশ্রুতিবদ্ধ।
শ্রী মোদীয়ে লগতে বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্রধান ড০ নগোজি অ’কোঞ্জো ইৱেলা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰববী টেড্ৰ’ছ অডনোম ঘেব্ৰেয়ছচৰ সৈতেও আলোচনাত মিলিত হয়। শীৰ্ষ সন্মিলনৰ প্ৰথম সত্ৰৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলানিসহ আন কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে জি-২০ শীৰ্ষ সন্মিলনস্থলীত উপস্থিত হোৱাৰ সময়ত শ্ৰী মোদীয়ে বিপুল আদৰণি আৰু গুৰুত্বপূৰ্ণ সন্মিলনৰ আয়োজন কৰাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ছিৰিল ৰামফোছাক ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।