November 16, 2025 11:05 AM | PM Modi visit Gujarat

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গুজৰাটত ৯৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুজৰাটৰ জনজাতীয় বসতিপ্রধান নর্মদা জিলাৰ ডেডিয়াপাড়া নগৰত ৯৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। স্বাস্থ্য, আন্তঃগাঁথনি, শিক্ষা আৰু ঐতিহ্যৰ সৈতে জড়িত এই প্রকল্পসমূহত জনজাতীয় সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কিম্বদন্তী জনজাতীয় নেতা তথা স্বাধীনতা সংগ্রামী ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্মবার্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা জনজাতীয় গৌৰৱ দিৱস উপলক্ষে এই প্রকল্পসমূহ মুকলি কৰা হৈছে। প্রধানমন্ত্ৰীয়ে বীৰছা মুণ্ডাৰ জন্মবার্ষিকী উপলক্ষে আয়োজিত এটা সমাবেশত ভাষণ দি কয়, যে এই পৱিত্ৰ ক্ষণত আমি সবকা সাথ, সবকা বিকাশ মন্ত্ৰ সুদৃঢ় কৰাৰ বাবে সংকল্পবদ্ধ হোৱা উচিত। জনজাতীয় কল্যাণত সদায় গুৰুত্ব আৰোপ কৰি অহা হৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে বৰ্তমান চৰকাৰে জনজাতীয় সম্প্রদায়সমূহ সন্মুখীন হোৱা অন্যায়ৰ অৱসানৰ বাবে আৰু তেওঁলোকৰ বাবে উন্নয়নৰ সুফল সুনিশ্চিত কৰাৰ উদ্দেশ্যে সংকল্প গ্রহণ কৰিছে। প্রধানমন্ত্রীয়ে কয়, যে জনজাতীয় গৌৰৱ হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ চেতনাৰ অবিচ্ছেদ্য অংগ ৰূপে পৰিগণিত হৈ আহিছে। যেতিয়াই দেশক সন্মান, আত্মসন্মান আৰু স্বশাসনৰ প্ৰশ্ন উঠিছিল তেতিয়াই জনজাতীয় সমাজে সন্মুখৰ পৰা নেতৃত্ব দি আহিছে বুলি প্ৰধানমন্ত্রী মোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্রীয়ে কয় যে দেশে স্বাধীনতা সংগ্রামত জনজাতীয় সমাজৰ অৱদানৰ কথা পাহৰিব নোৱাৰে। তেওঁ লগতে শ্রীগোবিন্দ গুৰুপীঠ জনজাতীয় ভাষা প্ৰসাৰ কেন্দ্ৰ কালি স্থাপন কৰা বুলি উল্লেখ কৰে। এই কেন্দ্ৰত জনজাতিসমূহৰ দোৱানৰ বিষয়ে অধ্যয়ন কৰা হ’ব বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ কয়, যে কেন্দ্ৰটোত জনজাতীয় লোকসকলৰ সৈতে জড়িত কাহিনী আৰু গীতসমূহ সংগ্ৰহ কৰা হ’ব। ইয়াৰ পূৰ্বে শ্রীমোদীয়ে মুম্বাই-আহমেদাবাদ দ্রুত গতিসম্পন্ন ৰে’ল কৰিড’ৰৰ প্ৰগতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে গুজৰাটৰ চুৰাটত নির্মীয়মান বুলেট ট্ৰেইন ষ্টেচন পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে বিষয়াসকলৰ সৈতে কথা পাতে আৰু কাম-কাজৰ বুজ লয়। মুম্বাই-আহমেদাবাদ দ্রুত গতিসম্পন্ন ৰে’ল কৰিড’ৰৰ কাম সম্পূৰ্ণ হ’লে মুম্বাই আৰু আহমেদাবাদৰ মাজৰ যাত্ৰাৰ সময় ২ ঘণ্টালৈ হ্ৰাস পাব। শ্রীমোদীয়ে লগতে ছাগবাড়া তালুকাৰ দেৱমোগৰা গাঁৱত জনজাতীয় সমুদায়ৰ জনগোষ্ঠীয় দেৱী পণ্ডোৰী মাতাৰ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়।