প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক উৎসৱৰ বতৰত স্বদেশী সামগ্রী ক্রয় কৰি ১৪০ কোটি ভাৰতীয়ৰ পৰিশ্ৰমক উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্রীমোদীয়ে লগতে সকলোকে উৎসৱৰ সময়ত ক্ৰয় কৰা সামগ্ৰীসমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈও আহ্বান জনায়। এনে ব্যৱস্থাই আনকো এনে পদক্ষেপ ল’বলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে। মাই গভ ইণ্ডিয়াৰ এটা পষ্টৰ উত্তৰ দি প্রধানমন্ত্রী মোদীয়ে ভাৰতত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সমগ্র দেশজুৰি থলুৱা উদ্যোগ আৰু কাৰিকৰসকলৰ বিকাশৰ বাবে চলি থকা অভিযানৰ মাজতে প্রধানমন্ত্ৰীৰ এই আহ্বানে আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক সৱলীকৰণৰ বাৰ্তা বহন কৰিছে। এই পদক্ষেপৰ প্ৰতি সমর্থন জনাই মাই গভ ইণ্ডিয়াই দীপাৱলী উদযাপন আৰু স্বদেশী সৱলীকৰণ শীৰ্ষক এটা বিশেষ অভিযান মুকলি কৰিছে। এই অভিযানৰ জৰিয়তে থলুৱা কাৰুশিল্পী সকলক সমর্থনৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্রী মোদীয়ে তেওঁৰ বাৰ্তাত দেশবাসীক ভকেল ফৰ লোকেল মন্ত্ৰৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে। দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে গভীৰভাৱে সংপৃক্ত হৈ থকা স্বদেশী অভিযানে শেহতীয়াকৈ চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰত পদক্ষেপৰ জৰিয়তে পুনৰ গতি লাভ কৰে। থলুৱা সামগ্ৰীৰ প্ৰসাৰৰ জৰিয়তে এই অভিযানে থলুৱা অৰ্থনীতিৰ বিকাশ, নিয়োগ সৃষ্টি আৰু আমদানিৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াস কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।