প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭৫ সংখ্যক জন্মদিন। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই উপলক্ষে নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত আজি ১৫ খন গুৰুত্বপূৰ্ণ আঁচনি মুকলি কৰিব। এই সমূহৰ ভিতৰত মহাবিদ্যালয় পৰ্যায়ৰ দৃষ্টিহীন কন্যা শিক্ষাৰ্থীসকলৰ বাবে অটল দৃষ্টি ছাত্ৰীবাস, বৌদ্ধিকভাৱে দিব্যাংগ ব্যক্তিসকলৰ বাবে অটল আশাগৃহ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সাবিত্ৰীবাঈ ফুলে গৃহ আঁচনি অন্যতম। সেৱা পৰ্ব কাৰ্যসূচীৰ অংশ হিচাপে এই আঁচনিসমূহ মুকলি কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে স্বনামধন্য সংগীত শিল্পী আশা ভোচলেই এইদৰে শুভেচ্ছা জ্ঞাপন কৰে।
কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ ৭৫ বছৰীয়া জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয়, যে প্রধানমন্ত্রী মোদীয়ে ভাৰতত নতুন দিশ, নতুন প্ৰেৰণা আৰু নতুন শক্তি প্ৰদান কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে প্রধানমন্ত্রী মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে এই কথা সদৰি কৰে। বিশিষ্ট সংগীত শিল্পী অনুপ জলোটাই প্রধানমন্ত্রীক শুভেচ্ছা জনায় প্রধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে ৩০ লক্ষাধিক গছপুলি বিতৰণৰ পৰিকল্পনা হাতত লৈছে। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত ২৫ টাকৈ গছপুলি ৰোপণ কৰাৰ লগতে কাৰ্যালয় চৌহদ, ৰাজহুৱা স্থানতো গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ ৭৫ সংখ্যক জন্মদিনটো ৰাজ্য চৰকাৰে প্ৰকৃতি, সেৱা আৰু বহনক্ষমতাৰ হকে উচৰ্গা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত কাইলৈ জিলাভিত্তিক প্ৰাইজমানি মাৰাথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। চৌকিদিঙি খেলপথাৰৰ পৰা আৰম্ভ হৈ আমোলাপট্টি চাৰিআলি হৈ ফুলবাগান, থানা চাৰিআলি, অ’ভাৰব্ৰীজ হৈ পুনৰ চৌকিদিঙি খেলপথাৰত সামৰণি পৰিব।
Site Admin | September 17, 2025 11:37 AM | PM Modi Birthday
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন