প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে সকলোৰে বাবে সেউজ, সুস্থ আৰু অধিক সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে কাম কৰি আছে

সেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে দেশৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। আজিৰ এই প্ৰতিবেদনত আমাৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ কেনেদৰে পৰিবৰ্তন সাধন হৈছে সেই বিষয়ে আলোচনা কৰিছোঁ ৷
বৈদিক যুগৰ পৰাই ‘পৃথিৱী আমাৰ মাতৃ আৰু আমি সকলো পৃথিৱীৰ সন্তান’ কথাষাৰ মানি অহা হৈছে । ইয়াৰ ফলত পৰিৱেশৰ সৈতে মানুহৰ সম্প্ৰীতিৰ নতুন নতুন দিশ উন্মোচিত হৈছে। যোৱা ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এই প্রাচীন প্ৰজ্ঞাক আৰু অধিক শক্তিশালী আৰু ব্যৱহাৰিক কাৰ্যলৈ ৰূপান্তৰিত কৰা হৈছে। ব্যাঘ্ৰ প্ৰকল্প আৰু সিংহ প্ৰকল্পৰ পৰা অভিলাষী চিতা প্রকল্পলৈকে দেশে বন্য প্রাণীৰ বাসস্থান শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। এসময়ত বিলুপ্তপ্রায় বুলি ভবা অনেক প্রজাতিও পুনৰুদ্ধাৰ কৰা হৈছে । বৰ্তমান ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক বাঘ আছে। এছিয়াটিক সিংহৰ সংখ্যা ৮৯১ লৈ বৃদ্ধি পাইছে, যাৰ ফলত যোৱাটো দশকত এইবিধ প্ৰজাতিৰ সিংহৰ সংখ্য ৭০ শতাংশ বৃদ্ধি পাইছে। আনহাতে চিতাবোৰে সাত দশকৰ পাছত চিতা প্ৰকল্পৰ অংশ হিচাপে ভাৰতৰ মাটিত নতুন পোৱালি জন্ম দিছে।
পৃথিৱীৰ বৃক্ক বুলি অভিহিত কৰা আমাৰ জলাশয়সমূহেও মনোযোগ আকৰ্ষণ কৰা দেখা গৈছে। ভাৰতত বৰ্তমান ৯১টা ৰামছাৰ ক্ষেত্র আছে। এই সংখ্যা এছিয়াৰ ভিতৰতেই সৰ্বাধিক পৰিভ্ৰমী চৰাই আৰু পৰিৱেশ তন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে । ‘এক পেড় মা কে নাম’ অভিযানত ১৪২ কোটিৰো অধিক গছ ৰোপণ কৰা হৈছে, যিয়ে পৰিৱেশ বিজ্ঞানত বিশেষ প্ৰভাৱ পেলাইছে। ইফালে বনাঞ্চল ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে। জনসাধাৰণৰ অংশগ্রহণৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধীনত চৰকাৰে সকলোৰে বাবে সেউজ, সুস্থ আৰু অধিক সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ বাবে কাম কৰি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।