প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলাঘাট জিলাৰ নুমলীগড়ত ১২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে দুটা প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্রী শ্রীমোদীয়ে নুমলীগড় শোধনাগাৰত ৫ হাজাৰ কোটি টকা ব্যয়েৰে স্থাপন কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৭২৩১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া শোধনাগাৰটোৰ নতুন পলিপ্রপিলিন গোটটোৰো আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে গেছ আৰু তেলৰ বিকল্প হিচাপে ইথানলৰ চাহিদা বৃদ্ধি হৈছে। প্ৰকল্পটোৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধি আৰু ৰাজ্যখনত সামগ্ৰিকভাৱে আৰ্থসামাজিক বিকাশ সম্ভৱ হ’ব বুলিও তেওঁ আশা কৰে। তেওঁ কয় যে সৌৰশক্তিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ আগশাৰীৰ দেশৰ লগতে ফেৰ মাৰিব পাৰিব। টু-জি জৈৱ ইথানল প্রকল্পই কৃষকসকলক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মৰিগাঁৱত নিৰ্মাণ কৰা ছেমিকণ্ডাক্টৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতিলৈ বৃহৎ পৰিৱৰ্তন কঢ়িয়াই আনিব বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰত আত্মনিৰ্ভৰ হ’বলৈ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ প্ৰয়োজন। উল্লেখযোগ্য যে প্রধানমন্ত্ৰীগৰাকীয়ে জৈৱ ইথানল প্রকল্প পৰিদৰ্শন কৰাৰ লগতে প্ৰকল্পত নিয়োজিত বিষয়া-কৰ্মচাৰী তথা বাঁহ খেতিয়কসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে বাঁহক ইথানললৈ ৰূপান্তৰ কৰি ৰাজ্যৰ ৫০ হাজাৰ বাঁহ খেতিয়কৰ জীৱনলৈ পৰিৱৰ্তন আনিলে। উদ্বোধনী অনুষ্ঠানত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল, সাংসদ কামাখ্যা প্রসাদ তাছা, মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰূপেশ গোৱালাকে ধৰি বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকে।
Site Admin | September 14, 2025 7:36 PM | PM Modi at Assam
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা গোলাঘাট জিলাৰ নুমলীগড়ত ১২ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ দুটা প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
