প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিজোৰামৰ ভৈৰবী-ছাইৰাং নতুন ৰে’লপথত ৩ খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মিজোৰামৰ ভৈৰবী-ছাইৰাং নতুন ৰে’লপথত ৩ খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ইয়াৰ লগে লগে মিজোৰাম দেশৰ ৰে’ল মানচিত্ৰত সংযুক্ত হৈছে। ছাইৰাঙৰ পৰা যোৱানিশা যাত্ৰা কৰি ৮ বাজি ১০ মিনিটত হোজাইত উপস্থিত হোৱা ৰে’লখনে চালক আৰু যাত্ৰীসকলক হোজাই ষ্টেচনত সম্ভাষণ জনোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে। একেদৰে নিশা গুৱাহাটীৰ পৰা যাত্ৰা কৰিবলগীয়া দৈনিক এক্সপ্ৰেছ এই ৰে’লখন সাংসদ বিজুলী কলিতা মেধিয়ে ফ্লেগঅফ কৰে। উল্লেখ্য যে ছাইৰাং-দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, ছাইৰাং-গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু ছাইৰাং-কলকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰে’লগাড়ীয়ে দেশৰ অন্যান্য অংশৰ লগতে মিজোৰামক সংযুক্ত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।