ডাউনলোড
মোবাইল এপ

android apple
signal

September 7, 2025 12:06 PM | PM modi Assam Visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ মুৰববীৰ গুৰুত্বপূৰ্ণ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী এন এছ জিৰ মুৰব্বী ভৃগু শ্ৰীনিবাসন আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ মুৰববী সদানন্দ ডেটে কালি গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙো উপস্থিত থাকে। আছাম ৰাইফলছ আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকলে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত ভাগ লয়। বৈঠকত প্রধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ সময়ত যাতে কোনো উগ্ৰপন্থীয়ে কূটাঘাট বা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হয়। বৈঠকখনত অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়টোৱেও স্থান লাভ কৰে। বিদ্রোহী সংগঠন আলফা স্বাধীনে বিদেশ ৰাষ্ট্ৰৰ পৰা ধন দাবী অব্যাহত ৰখাক লৈ নিৰাপত্তা সংস্থা দুটাৰ মুৰববী দুগৰাকীয়ে বৈঠকত গুৰুত্বসহকাৰে আলোচনা কৰে।
উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদী অহা ১৩ ছেপ্তেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। একেদিনাই প্রধানমন্ত্ৰীয়ে মিজোৰামৰ ছাইৰাঙৰপৰা ভৈৰৱীলৈ ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’ল প্ৰকল্প উদ্বোধন কৰিব আৰু ইম্ফলত এখন জনসভাত ভাষণ দিব। উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰকাশ কৰা মতে উদ্বোধনীৰ দিনা ছাইৰাঙৰ পৰা দীৰ্ঘ দূৰত্বৰ ৰে’ল সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে। বর্তমান মিজোৰামৰ ভৈৰৱীৰ পৰা হাইলাকান্দি হৈ শিলচৰলৈ দৈনিক কেইটামান ডবা থকা এখন যাত্ৰীবাহী ৰে’ল চলি আছে। ১৩ ছেপ্তেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত্বত অৱস্থিত ছাইৰাঙলৈ এই যাত্ৰীবাহী ৰে’লখন সম্প্ৰসাৰিত কৰা হ’ব । প্রধানমন্ত্ৰীয়ে ছাইৰাঙৰ পৰা হাইলাকান্দি হৈ ৰাজধানী এক্সপ্ৰেছৰ দৰে বিলাসী ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা।
প্রধানমন্ত্রী মোদীয়ে ১৪ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলিগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে গোলাঘাট প্রশাসনে প্রধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ব্যাপক প্রস্তুতি চলাইছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।