প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীৰ সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বাবা খৰকসিং মাৰ্গত সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে টাইপ ছেভেন আৰ্হিৰ আৱাসেৰে কেইবামহলীয়া এই অট্টালিকাটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। ভৱন উদ্বোধনৰ এই অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কাইলৈ এজোপা সেন্দূৰ গছৰ পুলি ৰোপণ আৰু শ্রমজীৱিসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে জনসাধাৰণক সম্বোধন কৰি ভাষণ দিব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত প্রকাশ কৰা এটা বিবৃতিত জানিবলৈ দিয়া মতে, প্রায় ৫ হাজাৰ বৰ্গফুট এলেকাৰে সামৰা নতুনকৈ নিৰ্মাণ কৰা প্ৰতিটো আৱাসত সাংসদসকলৰ বাবে বাসস্থান আৰু চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰিব পৰাকৈ পৰ্যাপ্ত স্থান থাকিব। এই বৃহৎ আৱাসিক চৌহদটোত কার্যালয়, কৰ্মচাৰীৰ আৱাস আৰু সামুহিক কেন্দ্ৰৰ বাবে নিৰ্ধাৰিত স্থান সুকীয়াকৈ ৰখাৰ পৰিপ্ৰেক্ষিতত সাংসদসকলে জনপ্রতিনিধি হিচাপে নিজৰ দায়িত্ব সুকলমে পালন কৰিব পাৰিব বুলি আশা কৰা হৈছে। বিবৃতিটোত লগতে প্ৰকাশ কৰা মতে, এই চৌহদটোৰ নিৰ্মাণত আধুনিক গাঁথনিগত মান অনুসৰি ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। তদুপৰি প্ৰতিগৰাকী আৱাসীৰ নিৰাপত্তা নিশ্চিত কৰিব পৰাকৈ ইয়াত ব্যাপক সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।