প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মালদ্বীপ ভ্রমণ ফলপ্রসূ বুলি অভিহিত কৰিছে। মালদ্বীপে স্বাধীনতা লাভ কৰাৰ ৬০ বছৰ উদযাপন অনুষ্ঠানত তেওঁ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, এনে উদযাপনত অংশগ্ৰহণ কৰা শ্ৰী মোদীয়ে হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্রী। মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৱে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক আদৰণি জনোৱাৰ লগতে তেওঁৰ এই ভ্রমণে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্কই ভৱিষ্যতে নতুন ৰূপ ল’ব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতি মুইজুৱে দেশখনলৈ প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। তেওঁ কয়, যে মালদ্বীপৰ অগ্ৰগতিৰ ক্ষেত্ৰত ভাৰত প্ৰধান অংশীদাৰ হ’ব ।
ভাৰত আৰু মালদ্বীপৰ মাজত স্বাক্ষৰিত কেইবাখনো বুজাবুজিৰ চুক্তিয়ে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰি তুলিব। এই চুক্তিসমূহৰ ভিতৰত মৎস্য, বতৰ, ডিজিটেল আন্তঃগাঁথনি আৰু অন্যান্য বহু বিষয় সামৰি লোৱা হৈছে। মালদ্বীপৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতে ৪৮৫০ কোটি টকাৰ সাহয্য ঘোষণা কৰিছে। ইয়াৰ উপৰি দুয়োখন দেশে অর্থনৈতিক সম্পৰ্ক আৰু দ্বিপাক্ষিক বাণিজ্য শক্তাশালী কৰাৰ উদ্দেশ্যে মুক্ত বাণিজ্য চুক্তি সম্পাদনৰো পদক্ষেপ লৈছে। এই বছৰ ভাৰত আৰু মালদ্বীপৰ কুটনৈতিক সম্পর্কই ৬০ বছৰত ভৰি দিয়া উপলক্ষে দুয়োগৰাকী নেতাই এটা ষ্টাম্প মুকলি কৰিছে। দুয়োখন দেশে প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তা সহযোগিতা শক্তিশালী কৰাৰ সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী মোদীয়ে পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্রমণক গৰিহণা দিয়া আৰু সন্ত্ৰাসবাদ নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰা বাবে ৰাষ্ট্ৰপতি মুইজুক ধন্যবাদ জ্ঞাপন কৰে।
Site Admin | July 27, 2025 11:13 AM | PM Modi Maldives Visit
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মালদ্বীপ ভ্রমণ ফলপ্রসূ বুলি অভিহিত কৰিছে
