প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা তামিলনাডুৰ থুথিকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিমান বন্দৰ, ঘাইপথ, বন্দৰ আৰু শক্তিখণ্ডৰ সৈতে জড়িত এই প্রকল্পসমূহে আঞ্চলিক যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব, সামগ্রি পৰিবহনৰ সামৰ্থ বৃদ্ধি কৰিব, নিকা শক্তি আন্তঃগাঁথনি শক্তিশালী কৰিব আৰু তামিলনাড়ু জনসাধাৰণ জীৱনৰ মান উন্নত কৰিব।
এই উপলক্ষে এটা সমাৱেশত ভাষণ দি প্রধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া বিদেশ ভ্ৰমণৰ সময়ত ভাৰত আৰু ইংলেণ্ডৰ মাজত স্বাক্ষৰিত ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে আলোকপাত কৰে। চুক্তিখনক ভাৰতৰ প্ৰতি বিশ্বৰ বৰ্ধিত বিশ্বাস আৰু দেশৰ নতুন আত্মবিশ্বাসৰ প্ৰতীক বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে এই আত্মবিশ্বাসে উন্নত ভাৰত আৰু তামিলনাড়ু গঢ়াৰ দিশত আগুৱাই লৈ যাব। ভাৰত আৰু ইংলেণ্ডৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তিখনে দেশৰ অৰ্থব্যৱস্থা সুদৃঢ় কৰিব আৰু বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰ দিশে ভাৰতৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
শ্রী মোদীয়ে কয়, যে আন্তঃগাঁথনি আৰু শক্তি কোনো এখন ৰাজ্যৰ উন্নয়নৰ মেৰুদণ্ডস্বৰূপ আৰু বিগত ১১ বছৰত এই খণ্ডসমূহৰ ওপৰত আৰোপ কৰা নিৰন্তৰ গুৰুত্বই তামিলনাডুৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰদান কৰা অগ্ৰাধিকাৰকে প্ৰতিফলিত কৰে। নতুনকৈ উদ্বোধন কৰা প্ৰকল্পসমূহে থুথিকুড়ি আৰু তামিলনাডুক উন্নত যোগাযোগ, নিকা শক্তি আৰু নতুন সুযোগৰ কেন্দ্ৰৰূপে গঢ়ি তুলিব বুলি প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে আঢ়ৈ হাজাৰ কোটি টকা ব্যয়ৰে বিকশাই তোলা তামিলনাডুৰ দুটা গুৰুত্বপূৰ্ণ পথ প্রকল্প ৰাইজৰ নামত উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰে। শ্ৰী মোদীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে ৰে’ল নেটৱৰ্কক ঔদ্যোগিক বিকাশ আৰু আত্মনিৰ্ভৰ ভাৰতৰ জীৱন ৰেখা বুলি গণ্য কৰে।
চৰকাৰে মেক ইন ইণ্ডিয়া আৰু নিৰ্মাণ মিছনত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে অপাৰেচন সিন্দূৰৰ সময়ত মেক ইন ইণ্ডিয়া অভিযানৰ শক্তি স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছিল। এই অভিযানৰ সময়ত ঘৰুৱাভাৱে উৎপাদিত অস্ত্র-শস্ত্রই সন্ত্রাসবাদীৰ ঘাটি ধংস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি তেওঁ প্ৰকাশ কৰে।
Site Admin | July 27, 2025 10:19 AM | PM Modi at Tamil Nadu
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা তামিলনাডুৰ থুথিকুড়িত ৪৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন