প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া তামিলনাড়ু ভ্রমণসূচীত ৪,৮০০ কোটিতকৈও অধিক পুঁজি ব্যয়ৰে  প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুদিনীয়া ভ্রমণসূচীৰে তামিলনাড়ুলৈ যাব। ব্ৰিটেইন আৰু মালদ্বীপৰ ভ্রমণ সামৰি প্ৰধানমন্ত্ৰী পোনে পোনে তুতিকৰিনলৈ যাব। তুতিকনিত প্রধানমন্ত্ৰীয়ে আজি ৪,৮০০ কোটিতকৈও অধিক পুঁজি ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্রকল্প মুকলি কৰিব। এই প্রকল্পসমূহে আঞ্চলিক যোগাযোগ, যাতায়াতৰ সুবিধা বৃদ্ধি কৰাৰ লগতে স্বচ্ছ শক্তি আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ৰাজ্যখনৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত তুতিকৰিন বিমান বন্দৰত নতুন টার্মিনেল ভৱন, ছেথিয়াথপ্পু-ছ’লাপুৰমক চাৰিলেনযুক্ত কৰা, টুটুকুড়ী বন্দৰ পথক ছয়লেনযুক্ত কৰা, মাদুৰাই-ব’দিয়াকড় ৰে’ল লাইনৰ ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈদ্যুতিকৰণ, নাগৰকোয়েল নগৰ- কন্যাকুমাৰী খণ্ডৰ ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈতকৰণ অন্যতম। প্রধানমন্ত্রীয়ে কুডনকুলাম পৰমাণু শক্তি প্ৰকল্পৰ পৰা বিদ্যুৎ সৰবৰাহৰ বাবে এটা গুৰুত্বপূৰ্ণ আন্তঃৰাজ্যিক শক্তি পৰিবাহী ব্যৱস্থা প্রকল্পও মুকলি কৰিব। শ্রীমোদীয়ে কাইলৈ ছ’লা সম্ৰাট ৰাজেন্দ্ৰ ছ’লা প্ৰথমৰ জন্মবার্ষিকীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে প্রধানমন্ত্রী শ্রীমোদী তুতিকৰিন ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।