July 22, 2025 8:47 PM | PM London Visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ লণ্ডনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ লণ্ডনলৈ ৰাওনা হ’ব। ইংলেণ্ডৰ দুদিনীয়া এই ভ্ৰমণৰ সময়ত তেওঁ ব্ৰিটিছ প্রধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ সৈতে আলোচনাত মিলিত হ’ব আৰু ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিব। আজি নতুন দিল্লীত সাংবাদিকৰ আগত বৈদেশিক সচিব বিক্রম মিশ্রিয়ে কয় যে প্রধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ব্ৰিটেইনৰ আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ইংলেণ্ড ভ্রমণ।
বৈদেশিক সচিবগৰাকীয়ে কয় যে এই ভ্রমণে দুয়োগৰাকী নেতাক ভাৰত ইংলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ দিশসমূহ পৰ্যালোচনা কৰাৰ লগতে ইয়াক আৰু অধিক শক্তিশালী কৰাৰ ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰাৰ সুযোগ দিব। আঞ্চলিক আৰু বিশ্বব্যাপি প্ৰাসংগিক বিষয়সমূহ সন্দৰ্ভতো আলোচনা কৰাৰ কথা আছে। ২০২১ চনত ভাৰত – ইংলেণ্ডৰ অংশিদাৰিত্ব এক বিস্তৃত কৌশলগত অংশিদাৰিত্বলৈ উন্নীত কৰা হৈছিল। তেওঁ লগতে কয়, যে এই অংশিদাৰিত্বক আৰু অধিক উচ্চ পর্যায়লৈ লৈ যোৱাৰ বাবে দুয়োপক্ষই প্ৰতিশ্ৰুতিদ্ধ। বৈদেশিক সচিবগৰাকীয়ে কয় যে বাণিজ্য, প্রযুক্তি, গৱেষণা আৰু উদ্ভাৱন, দ্বিপাক্ষিক সহযোগিতা মূল বিষয় হিচাপে নিৰ্বাচন কৰা হৈছে। শ্রীমিশ্রিয়ে লগতে কয় যে শেহতীয়াকৈ চাউথেপ্তন বিশ্ববিদ্যালয়ে গুৰুগ্ৰামত এটা নিজৰ চৌহদ মুকলি কৰিছে। নতুন শিক্ষানীতিৰ অধীনত ভাৰতত চৌহদ মুকলি কৰা এইখন প্ৰথম বিদেশী বিশ্ববিদ্যালয়। বৈদেশিক সচিবগৰাকীয়ে কয় যে, আন কেইবাখনো ইংলেণ্ডৰ বিশ্ববিদ্যালয়ে ভাৰতত চৌহদ মুকলি কৰাৰ কথা চিন্তা কৰিছে। তেওঁ কয় যে ২০২৩-২৪ চনত ভাৰত ইংলেণ্ডৰ দ্বিপাক্ষিক বাণিজ্যই ৫৫ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। বৈদেশিক সচিবগৰাকীয়ে আৰু কয় যে প্ৰতিৰক্ষা খণ্ডত ভাৰত আৰু ইংলেণ্ডৰ মাজত পাৰস্পৰিক ক্রীড়া কলাপ চলি আছে। প্রধানমন্ত্ৰী মোদীয়ে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ আমন্ত্ৰণত ২৫ আৰু ২৬ জুলাইত মালদ্বীপ ভ্রমণ কৰিব। প্ৰধানমন্ত্রী মোদীয়ে মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে উদযাপন হ’বলগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।