ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 10, 2025 12:06 PM | PM Visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘানা, ট্ৰিনিদাদ আৰু টবেগ’, আর্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়া- এই পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি পৰিছে। প্ৰধানমন্ত্ৰীয়ে শেষ পৰ্যায়ৰ ভ্ৰমণত ভাৰত আৰু নামিবিয়াই প্ৰধানমন্ত্রী মোদীৰ উপস্থিতিত নামিবিয়াত উদ্যমিতা বিকাশ কেন্দ্ৰ আৰু স্বাস্থ্য তথা ঔষধৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালতে নামিবিয়াত তিনিটা বৃহৎ ঘোষণা কৰা হয় । চলিত বৰ্ষৰ শেষৰফালে দেশখনত ডিজিটেল লেনদেন ব্যৱস্থা মুকলি আৰু ভাৰতে নেতৃত্ব দিয়া সংহত দুৰ্যোগ স্থিতিস্থাপকতা আন্তঃগাঁথনিৰ লগতে গোলকীয় জৈৱ ইন্ধন সহযোগিতাৰ ক্ষেত্ৰত এই ঘোষণা কৰা হয় ৷
প্রধানমন্ত্রী মোদী কালি নামিবিয়াৰ ৰাজধানী ৱি হোকত দেশখনৰ ৰাষ্ট্ৰপতি ড০ নেটুম্বো নন্দি ন্‌ডিটৱাহৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ খত নতুন নতুন ক্ষেত্ৰৰ সহযোগিতাৰ অন্বেষণৰ জৰিয়তে দুয়োখন দেশৰ মাজত অর্থনৈতিক অংশীদাৰীত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ অন্তত স্বাস্থ্য সেৱা আৰু ঔষধ, গোলকীয় জৈৱ ইন্ধন, আন্তঃগাঁথনি পৰিকাঠামো আৰু উদ্যোগ খণ্ডত সহযোগিতাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয়। দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সচিব ডাম্মু ৰবিয়ে কয়, যে বিশ্বৰ ভিতৰত এন পি চি আই থকা নামিবিয়াই হৈছে বিশ্বৰ প্ৰথমখন দেশ, যিয়ে ইউ পি আইৰ দৰে বিত্তীয় লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ সৈতে প্ৰযুক্তিগত চুক্তি সম্পন্ন কৰিছে। নামিবিয়াৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্রধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত সন্ত্রাসবাদ নির্মূল আৰু বিভিন্ন প্ৰতিষ্ঠানৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰতো আলোচনাত মিলিত হয়। আমাৰ আকাশবাণীৰ সংবাদদাতাই প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু নামিবিয়াৰ মাজত অংশীদাৰিত্বৰ ক্ষেত্ৰত এটা নতুন আৰম্ভণি সূচনা কৰিব বুলি প্ৰতিবেদন প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।